Skip to main content

The Smartest Guys on Earth!

I’ve got the following text from an AI analysis on Google and I’m using it here as a quote, although I had no idea who’s written it or when—the analysis is not revealing its source, if any. Of course, it’s only a part of the analysis that impressed me most, and therefore I thought of putting it down here for all people of the same ilk. And yes, I’ve tweaked it bit to cover more of the categories of people obviously involved.   "Many emerging or existing artists/writers/discoverers feel ignored, with their work going unnoticed, which is often a burden of being in creative industries , rather than a reflection of talent."  Very right indeed! Creative people who have put out their work in the public domain would most naturally like to be noticed and be told if their work is poor or mediocre or even good. When nothing of that sort happens they most naturally get frustrated and even indignant that nobody is even aware of their work and the very few who have indeed gone throug...

বোৱাৰীৰ দৃষ্টিত শহুৰদেউতা--অমূল্য কুমাৰ চক্ৰৱৰ্তীৰ ৯৩ সংখ্যক জন্মবাৰ্ষিকীত (Daughter-in-law On Father-in-law--On The Occasion Of The 93rd Birth Anniversary Of Amulya Kumar Chakravarty)!

( A Personal Post in Assamese language.)



'পিতৃপক্ষ' বা 'শ্ৰাদ্ধ পক্ষ'...গণেশ চতুৰ্দশীৰ পিছত কৃষ্ণপক্ষৰ ১৫ দিন 'পিতৃ পক্ষ' বা 'শ্ৰাদ্ধ পক্ষ' নামেৰে প্ৰচলিত এই সময় খিনিত আন কোনো শুভ কাম নকৰা দেখিবলৈ পাইছিলোঁ মুম্বাইত .....প্ৰতিপদৰ পৰা অমাৱস্যালৈকে প্ৰত্যেক ব্যক্তিয়ে নিজৰ প্ৰয়াত মাতা -পিতা, আৰু পূৰ্বজসকলৰ উপৰিও সমন্ধীয় লোক, গুৰু , বন্ধু-বান্ধৱৰো - তিথি বিশেষে সকলোৱে কৰা শ্ৰাদ্ধ কৃত্য দেখি অভিভূত হৈছিলোঁ বছৰৰ যিকোনো মাহৰ যিকোনো তিথিত স্বৰ্গবাসী হোৱা সকলৰ বাবে কৃষ্ণ পক্ষৰ সেই তিথিত শ্ৰাদ্ধ কৰা নিয়ম আছে পিতৃ পক্ষৰ দ্বিতীয়া তিথিত মোৰ পিতৃ স্বৰ্গবাসী হোৱাৰ পৰা তিথি মিলাই আমিও মুম্বাইত পিণ্ড দান কৰিবলৈ ললো। আৰু সেইখিনি কৰি পৰম শান্তি পোৱা যায় ।মন প্ৰসন্ন হয় ...

 

পিতৃ পক্ষৰ চতুৰ্দশীত ( অক্টোবৰ ,১৯৯১চনত) শহুৰ দেউতা অমূল্য কুমাৰ চক্ৰৱৰ্তী স্বৰ্গবাসী হয় পিণ্ড দান কৰি কিছু অনুভৱ মই প্ৰথমৰ পৰাই কৰিছিলোঁ তেখেত ঢুকুৱাৰ পিছৰ পৰাই মাহে মাহে পিণ্ড দান কৰিবলৈ লৈছিল তেখেতৰ ডাঙৰ ল’ৰা শ্ৰী চিন্ময় চক্ৰৱৰ্তী য়ে তেতিয়াৰ পৰা মোৰ বহুত কিছু অভিজ্ঞতা হবলৈ ধৰিলে ।মন কৰিছিলো তেখেতে বিচৰা মতেই সকলো হয়। অসমৰ নিয়মমতে তেখেতৰ বছেৰেকীয়া শ্ৰাদ্ধ আহিণৰ কৃষ্ণা চতুৰ্দশীত কৰাহয় কেতিয়াবা পিতৃপক্ষত তিথি নিমিলে তথাপিও পিণ্ড দান সুন্দৰকৈ হয় এইবছৰ অক্টোবৰত পিতৃ পক্ষতে পিণ্ডদান কৰিবলৈ মিলিল বৰ ভাল লাগিল

 


আজি অক্টোবৰত তেখেতৰ ৯৩ (93)ংখ্যক জন্মদিন।👏🌺 দেবী পক্ষৰ লগতে শহুৰ দেউতা অমূল্য কুমাৰ চক্ৰৱৰ্তী দেৱৰ জন্মদিনত শ্ৰদ্ধা ,সেৱাৰে মোৰ কিছু স্মৃতিৰ কথা...... মোক সংগীত যাত্ৰা অব্যাহত ৰাখিবলৈ কোৱা কথা বিশেষ ভাবে মনত থাকি গল... সেয়া আশীৰ্বাদ ৰাগ ংগীত ভাল পাইছিল ,কিন্তু ৰাগ নাজানে বুলি কৈছিল দৰবাৰী ৰাগ তেখেতৰ প্ৰিয় আছিল বাবে মোক কৈছিল আৰু চিঠিতো লেখিছিল ''তোমাৰ গুৰুক কৈ সোনকালে শিকি লবা মই শুনিব লাগে'' ..এইবোৰ কথা আৰু সমুখত বহি ৰাগ সংগীত উপভোগ কৰা কথা , এইবোৰ চিৰকাল মনত থাকি যোৱা কথা এইবোৰ ঈশ্বৰৰ ইচ্ছা


আৰু কিছুমান কথা.... মুম্বাইত মই নতুন অৱস্হাত অকলে কৰবালৈ যাবলৈ অসুবিধা পাওতে মোৰ লগত গৈছিল স্পষ্ট কথা কবলৈ শিকালে। মোক নিজৰ ছোৱালী বুলি কৈছিল আৰু কিছুমান কথা কৈছিল ...-সেই বোৰ তেতিয়া বুজাই নাছিলোঁ ,এতিয়া বয়সৰ লগে লগে কথা বোৰ বুজি গৈ আছোঁ ।। চিৰসত্য কথা কৈ গৈছে শিক্ষণীয় কথা এতিয়া পদেপদে মনত পৰি গৈছে মানুহৰ ঠগ -প্ৰৱণ্চনাৰ পৰা বাছি চলিবলৈ ...,সাৱধানে থাকিবলৈ কৈছিল নিজেও সৎ পথত থাকি জীৱন অতিবাহিত কৰিছিল আৰু আনেও সেইটো কৰাটোত ভাল পাইছিল বহুত কথা মোৰ পিতৃৰ আগত কৈছিল , চিঠিতো লেখিছিল ,তাৰে এষাৰ কথা পিতৃয়ে প্ৰায়ে সুৱৰিছিল আৰু আমাৰ আগতো কৈছিল--''বহুত অভাবৰ মাজতো সততাৰে টিকি থাকিবলৈ অনবৰত এখন অঘোষিত ৰণাংগনত যুদ্ধ কৰি আছো আৰু থাকিম ''

 

বহু বছৰ আগতে,- ৬০ দশকত বোধহয় ,তেখেতে নগাৱত চাকৰি কৰি আছিল তেতিয়া তেখেত দেউতাৰ ওচৰলৈ এবাৰ হেনো ংগীতৰ কিবা এটা আনিবলৈ আমাৰ ঘৰলৈ গৈছিল তাৰ বহু বছৰৰ পিছতহে মোৰ বিবাহৰ প্ৰস্তাৱেৰে দেউতা তেখেতৰ ওচৰলৈ যাওতে পুনৰ কথোপকথন হৈছিল নিজে সোৱৰণী চাই একে আষাৰেই কৈছিল---'এইখন বিয়া হব ' বাকী কথা পুত্ৰৰ ওপৰত এৰিছিল। ....

 

সৰল -সহজ জীৱন যাপন কৰা এজন সাধাৰণ মানুহ আছিল তেখেত কোনো বিলাসিতা নাছিল -কৰ্ম জীৱনত তেখেতৰ পৰিচয় আছিল এজন সৎ,নিৰ্ভীক আৰু দক্ষ বিষয়া হিচাপে


কৰ্ম জীৱনৰ ব্যস্ততাৰ মাজতে তেখেতে বিভিন্ন সাহিত্য ৰচনা অব্যাহত ৰাখিছিল অসমৰ অনুবাদ সাহিত্যত তেখেতৰ কালজয়ী বৰঙণি সকলোৱে জানে -- হোমাৰৰ 'ওডিছী' ,'ইলিয়াদ' , আৰু 'ভাৰ্জিলৰ 'ইনীদ ' অনুবাদ গ্ৰন্থ ৰূপে প্ৰকাশ পাইছিল তাৰোপৰি 'খান আব্দুল গফৰ খানৰ আত্মজীৱনী ' আৰু ডেকামেৰণৰ দহোটা সাধুৰ অনুবাদ , 'ৰিম মুন্সীৰ চৰ', উপন্যাস 'বিষবৃক্ষ' প্ৰথম খণ্ড, শিশু উপযোগী ৰচনা 'জাজী নৈ ভটিয়াই ', ভূতৰ বিহু' ইত্যাদি অৱসৰ গ্ৰহণৰ পিছত স্বাস্থ্যৰ ক্ষিপ্ৰ অৱনতি হোৱাৰ বাবে তেখেতৰ সাহিত্য সাধনাৰ সপোন অপূৰ্ণ হৈ ৰল .............

আমাৰ শ্ৰদ্ধাঞ্জলিৰে....🙏🙏🙏

Comments

Post a Comment

Hi! Welcome! Please comment what you feel! 😊

Popular Posts!

Hindustani Classical Music Living Legend Dr. Prabha Atre Speaks!

Zubeen Garg: A Loving Tribute!

Mitali: The Trauma of Losing a Sibling