Skip to main content

Special Feature!

Kumartuli—The Workshop Of The God Makers In Kolkata! And Durga Puja!

Kumartuli or Kumortuli is located in the northern part of the city of Kolkata . The locality is a traditional habitat of the potters for nearly three hundred years. The potters or the artisans or the artists settled here during the restructuring of the Kolkata colonial region by the British East India Company . Earning a livelihood by making earthen pots and utensils first they gradually shifted to the making of the idols of Gods and Goddesses for various festivals round the year.  With increasing demand and quality of their creations over time the artisans became famous and Kumartuli came to be known as the hub of idol makers supplying thousands of idols, particularly of Goddess Durga , to whole of the state of West Bengal and to NRIs of around 90 countries across the globe. At least three months before Durga Puja , the biggest festival of West Bengal and one of the biggest across Eastern India, more than five hundred workshops come alive with hyper activity day and night. Fir...

অমৰ গায়ক তৰিকুদ্দিন আহমেদৰ সোঁৱৰণত--- Remembering Evergreen Singer Tarikuddin Ahmed On His 30th Death Anniversary !


‘ইমান ধুনীয়া মুকুতাৰ মালা’ৰ গায়কজন' ...

তৰিক দাদা...বা তৰিকউদ্দিন আহমদ....

( মৃত্যু - ২৯.৮.১৯৯০)

 

সৰুকালৰ পৰা আমাৰ ঘৰত দেখি অহা কোমল মাত কথাৰ, ..গান গোৱা মানুহ জন ....মোৰ পিতৃৰ দৰে বা তাতকৈও বেছি মৰম কৰা এজন মৰমীয়াল লোক ।

 

মোক ' মা ',মাজনী ' ,আইজনী কৈছিল । ইমান ভাল পাইছিলোঁ তেখেতক --নাজানিছিলোঁ কত থাকে কি কৰে আদি.. আহিলেই ভাল পাইছিলোঁ । নিজৰ ছোৱালীৰ দৰে মোক মৰম কৰিছিল । পিতৃয়ে কেতিয়াবা খং কৰি কথা কৈছিল ..কিন্তু তেখেতে কেতিয়াও মোক টানকৈ কোৱা মনত নপৰে ।

 

গান বহুত দেৰিকৈ বুজিছিলো ..কিন্তু মোৰ মনত পৰা দিনৰ পৰা তেখেতক আমাৰ পৰিয়ালৰ এজন লোক বুলিয়েই মই বুজি লৈছিলো । পিতৃয়ে তেখেতক ' তৰিক দা' কয় , মা,পেহী হতে ও কয় কাৰণে ময়ো সেইটোৱেই শিকিলো ।আইতাই নাম ধৰি মাতিছিল ।

 

ককা কমলানন্দ ভট্টাচাৰ্য্য ৰ দিনৰ পৰা তেখেত আমাৰ ঘৰুৱা লোক আছিল । অকল গানৰ সম্পৰ্ক নহয় । । বাকী কথাতো । পিতৃৰ বাবে তেখেত নিজৰ ককায়েকৰ দৰে আছিল । অতি মধুৰ সম্পৰ্ক ।

 

আইতাৰ মুখত শুনিছিলোঁ আগৰ বহুত কথা । ককাৰ ওচৰত তৰিকদাই গান শিকিছিল । '' মোৰে ফুলনিতে উৰহি পখিলি ....'' আৰু '' কোৱা, তই কৰিলি কা...' কমলানন্দ ভট্টাচাৰ্য্য ৰ এই বনগীত দুটা তেখেতে গাই শ্ৰোতাৰ ,জনতাৰ হৃদয় জয় কৰিছিল । (আকাশবাণী ত বাণীৱদ্ধ ।)

ককাৰ মৃত্যুৰ পিছত পিতৃ লখ্নউত তবলা শিকিবলৈ যাওতে তেখেতে আইতাক ভৰষা দিছিল ...কৈছিল যে- ''আই ..আপুনি চিন্তা নকৰিব ,আমি আছো ,ঘৰৰ লৰা ঘৰলৈ ঘূৰি আহিব । '' আইতাই এইবোৰ কথা আমাক কৈছিল । তৰিকদাও আইতাৰ নিজৰ লৰাৰ দৰে আছিল ।

তেখেতে আইতাক - 'আই ' , আৰু মাক - 'বোৱাৰী ' সম্বোধন কৰিছিল ।

 

পিতৃৰ শৈশৱৰ পৰা আমাৰ দিনবোৰলৈকে বছৰৰ বিহুৰ দিনা তেখেতে আহি 'বিহু খুৱাবলৈ কব '' । আমাৰো খুব ভাল লাগিছিল । সেই দিনবোৰ যে এতিয়া কত হেৰাই গল ...কথা -বতৰা ,সংগীত, সকলো ইতিহাস হৈ গল । সেই মৰমৰ বান্ধোন এতিয়া কতোৱেই নাই । মোৰ বিবাহৰ দিনাই তেখেতক মই শেষ বাৰৰ বাবে দেখা পালো । সেৱা কৰি আশীৰ্বাদ লৈছিলো । তাৰ কিছুদিন পিছত ১৯৯০ চনৰ ২৯ আগষ্টত তেখেত স্বৰ্গগামী হয় । সকলো নিস্তব্ধ । মৃত্যুৰ আগে আগে ২০.৮.৯০ তাৰিখেও তেখেতৰ গানৰ ৰেকৰ্ড কৰিছিল ।

 

মোৰ পিতৃৰ পৰা জানিব পৰা কথা কিছুমান এইখিনিতে জনাইছো -- --'' গীত গোৱাৰ অনুপম ভংগী, মাতৰ সুকীয়া নিক্ষেপ ,সুন্দৰ ভাষা জ্ঞানৰ বাবে স্পষ্ট উচ্চাৰণ ইত্যাদি কথাবিলাক তেখেতৰ গানৰ বিশেষত্ব আছিল । সুৰ আৰু তালত আছিল তেখেত পকা । তেখেতৰ পৰিচয়েই আছিল দৰদী গায়ক ।

 

''তেখেতে বাংলা, হিন্দী, উৰ্দু ভাষাৰ গানো সুন্দৰ ভাৱে গাইছিল । দেস,ভৈৰৱী, খমাজ ,য়মন ,ভীমপলশ্ৰী আদি ৰাগ তেখেতৰ প্ৰিয় আছিল । ১৯৫০ চনত তৰিকদাদাই H.M.V.কোম্পাণীত ২টি গীত ৰেকৰ্ড কৰিছিল । গীত দুটি ..--ইমান ধুনীয়া মুকুতাৰ মালা ,...আৰু ''বিদায়ৰ পৰতে নাগাথিবা মালা ...''। ''

 

''ইমান ধুনীয়া মুকুতাৰ মালাৰ উপৰিও, '' এই পৃথিৱীৰ মায়া মমতাই নিদিলে কিয় বিদায় /পৃথিৱীতে মই ৰম চিৰকাল প্ৰণতি জনায়....''---স্বৰ্গীয় মলিন বড়া দেৱৰ এই গীত টিও তেখেতৰ এটি প্ৰিয় গীত আছিল ।''

 

'' ১৯৫৯ চনত নগাৱৰ পৰা ওলোৱা অসমীয়া চলচ্চিত্ৰ ' পূবেৰুণ 'ত তেখেত সংগীত পৰিচালক আছিল । তেখেতেই ছবিত এই গীতটি গাইছিল । ''

 

''তেখেতৰ এনে এটি সুন্দৰ মন আছিল যে --সেই সুন্দৰ মনৰ প্ৰতিফলন তেখেতৰ গীতৰ মাজত সুন্দৰ ভাৱে ওলাইছিল আৰু তেখেতৰ আচৰণ , চালচলন আদি সকলোতে । সুন্দৰ মনেই সূন্দৰ সংগীত সৃষ্টি কৰে । সংসাৰৰ নানা দুখ, সুখ লাভ কৰি ৰহস্যবাদী মনৰ তৰিকদাদাই গানৰ মাজতে জীৱনৰ সকলো আনন্দ বিচাৰি পাইছিল । সেয়ে গানৰ মাজতেই আমি তৰিক দাদাকো বিচাৰি পাওঁ । তেখেতে গোৱা গীত সমূহৰ ভিতৰতে ৰহস্য বাদী কথাটো ওলায় ।''

 

'' মুঝে উচকা গম্ নহী হায় কে বদল গয়ে জমানা,

মেৰে জিন্দগী কে মালিক ,কহী তুম বদল না জানা '' ।''

''তেখেতে স্কুলীয়া জীৱনতে খেলাধূলাত ভাগ লৈ ফুটবল খেলুৱৈ ৰূপেও নিজৰ নাম জিলিকাব পাৰিছিল ।

 

১৯৩৯ চনত কৈলাশ মেমোৰিয়েল শ্বিল্ড প্ৰতিযোগিতাত যোগ দি স্কুলৰ বাবে সন্মান কঢ়িয়াই আনিছিল । অসমৰ এসময়ৰ মন্ত্ৰী নুৰুল হুছেইন মহোদয় তেখতৰ সহপাঠী আৰু ফুটবলৰ লগৰীয়া আছিল । তেখেত সকলে পিছলৈ নিউ টাউন ক্লাব টীম গঠন কৰিছিল ।''

''সুন্দৰ স্বাস্থ্যৰ অধিকাৰী আছিল তৰিকদাদা। ''

 

তেখেতৰ মৃত্যুৰ আজি ৩০ বছৰ পূৰ্ণ হল । বহুবছৰ আগতে নগাঁৱত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছিল । কিন্তু মই কেতিয়াও উপস্থিত থাকিব পৰা নাছিলোঁ । আজি পৰম শ্ৰদ্ধাৰে তেখেতৰ বিষয়ে অলপ কথা লেখিব পাৰি শান্তি অনুভৱ কৰিছোঁ ।

 

*     নমস্কাৰ তৰিক দা....(Written in Assamese By Ragini Bhattacharyya Chakravarty)

 

Comments

Popular Posts!

Hindustani Classical Music Living Legend Dr. Prabha Atre Speaks!

Loving The Rains!

Zubeen Garg: A Loving Tribute!