স্বাধীনতা সংগ্ৰামী বাউলীকবি কমলানন্দ ভট্টাচাৰ্য্য .🌺👏 Freedom Fighter Bauli Kavi Kamalananda Bhattacharyya...
🌺আমাৰ ককা -👏বাউলীকবি কমলানন্দ ভট্টাচাৰ্য্যদেৱৰ আজি ৭০ সংখ্যক পূণ্য তিথি । পুহমাহৰ কৃষ্ণা একাদশীত..,. ইংৰাজী ১৯৫১ চনৰ ৪ জানুৱাৰী তাৰিখে ৫৬ বছৰ বয়সত তেখেত স্বৰ্গবাসী হয় ।
সৰুৰে পৰা ককাৰ শ্ৰাদ্ধ দেউতাই কৰি অহা দেখি ককাক দেখা যেন লাগিছিল । এই দিন কেতিয়াও পাহৰিব নোৱাৰোঁ । নগাঁৱৰ ঘৰত সাংগীতিক পৰিবেশৰ মাজতে ককাক যেন পাইছিলোঁ ।
আজি ককাৰ গানেৰেই ককাক স্মৰণ কৰি পূজা দিলো। ।ককা আহি গান শুনিবলৈ ৰৈ থকা যেন লাগিল।
১৯৪২ চনৰ স্বাধীনতা আন্দোলনত যোগদিয়াৰ পিছত ৯ মাহ কাৰাবৰণ কৰি তেখেতৰ স্বাস্থ্যৰ অবনতি ঘটিছিল । দেশৰ কাৰণে প্ৰাণ আহুতি দিয়া এইজন ককা ...আমাৰ সকলোৰে ককা ..বাউলীকবি কমলানন্দ ভট্টাচাৰ্য্য দেৱৰ মৃত্যু হৈছিল মাতৃৰ সমুখত । সেইগৰাকী মাতৃৰ মানসিক শক্তি ৰ কথা আইতা আৰু দেউতাৰ পৰা বহুত শুনিছিলো । তেখেত আমাৰ আদৰ্শ । নিজৰ পুত্ৰ জেলত থাকোতে , আৰু পুত্ৰৰ মৃত্যুৰ পিছত ধৈৰ্য্য সহকাৰে ঘৰ চলাই নাতিক মানুহ কৰা এগৰাকী সাহসী মানুহ আছিল 'আই '... দেউতাৰ মৰমৰ আই । দেউতাৰ আদৰ্শ আমিও পালো ।
১৯২১ চনত মহাত্মাগান্ধীৰ আহ্বানত গোটেই ভাৰতবৰ্ষ জুৰি যি অসহযোগ আন্দোলন আৰম্ভ হৈছিল --সেই আন্দোলনত যোগ দিবৰ বাবে তেখেতৰ লগতে আৰু দুজন কৃতী শিক্ষকে নগাঁও উচ্চ ইংৰাজী বিদ্যালয়ৰ চাকৰি ইস্তফা দি আন্দোলনত জপিয়াই পৰে । বিলাতীবস্তু বৰ্জনৰ বাবে দিয়া আহ্বানত নিজৰ ঘৰৰ সমুখতে সকলো বিলাতী বস্ত্ৰ, দ্ৰব্য আদি প্ৰজ্বলিত কৰি ৰাজহুৱা ভাৱে পুৰি ভস্ম কৰিছিল । অসহযোগ আন্দোলনত সক্ৰিয় ভাৱে যোগ দিয়াত কাৰাবৰণ কৰিব লগা হৈছিল । সেই কালছোৱাৰ সৰহ খিনি সময় ''ছিলেট'' জেলত কটায় । ছিলেট জেলত থাকোতে লেখা বিখ্যাত এটি গীত আছিল ''তই ভাঙিব লাগিব শিল অ'অভাগা .....''--জেলৰ কয়দীৰ কষ্ট দেখি মনৰ ভাৱ প্ৰকাশ কৰোতে সেই সময়ৰ জেইলৰৰ নাম দিও লেখিছিল .এটা অন্তৰা....কিদৰে কয়দীক বুট জোতাৰে গুৰিয়াইছিল জেইলৰে । কিন্তু গীতটি পিছত ৰেকৰ্ড কৰোতে সেই অন্তৰা অন্তৰ্ভুক্ত কৰা নাছিল ।
১৯৪২ চনৰ আন্দোলনৰ পিছত জেলত থাকি ককাৰ স্বাস্থ্যৰ বহুত ক্ষতি হৈছিল । নগাঁও জেলৰ পৰা তেখেতক ১৯৪৩ চনৰ আগভাগতে তেজপুৰ জেললৈ নিছিল । সেই সময়ত তেখেতে মনৰ দুখত নিজৰ লৰাছোৱালীক চাবলৈ হেপাহ কৰিছিল বুলি দেউতাই মোক আবেগিক হৈ কৈছিল । যিদিনা যাব সেইদিনা আবেলি সময়ত এজন ভলন্টীয়াৰে গৈ দেউতাক খেলি থকা অৱস্হাতে ঘৰত খবৰ দিছিল । লগেলগে দেউতাই ভায়েক ভনীয়েকেক লৈ নগাঁও ৰেল ষ্টেচন পাইছিলগৈ ।
১৯৪৩ চনত জেলৰ পৰা ওলাই অহাৰ পৰা ককা লাহে লাহে অসুস্হ হৈছিল ।আৰ্থিক ভাৱেও জুৰুলা হৈ মানসিক শান্তি ও নাইকিয়া হৈছিল বুলি মই দেউতাৰ পৰা জানিব পাৰিছিলো । ১৯৫০ চনলৈকে ককাৰ অশেষ কষ্ট গল । তাৰ মাজতে ককাই গীত ৰচিছিল । স্বাধীনতাৰ পিছত এটা চাকৰি পাইছিল যদিও সিও আছিল দুদিনীয়া। তেখেতৰ জমা পইছা থকা বেঙ্ক টোও বন্ধ হৈ যোৱাত পইছাখিনিও হেৰুৱাব লগা হৈছিল ।
Comments
Post a Comment
Hi! Welcome! Please comment what you feel! 😊