Skip to main content

The Smartest Guys on Earth!

I’ve got the following text from an AI analysis on Google and I’m using it here as a quote, although I had no idea who’s written it or when—the analysis is not revealing its source, if any. Of course, it’s only a part of the analysis that impressed me most, and therefore I thought of putting it down here for all people of the same ilk. And yes, I’ve tweaked it bit to cover more of the categories of people obviously involved.   "Many emerging or existing artists/writers/discoverers feel ignored, with their work going unnoticed, which is often a burden of being in creative industries , rather than a reflection of talent."  Very right indeed! Creative people who have put out their work in the public domain would most naturally like to be noticed and be told if their work is poor or mediocre or even good. When nothing of that sort happens they most naturally get frustrated and even indignant that nobody is even aware of their work and the very few who have indeed gone throug...

স্বাধীনতা সংগ্ৰামী বাউলীকবি কমলানন্দ ভট্টাচাৰ্য্য .🌺👏 Freedom Fighter Bauli Kavi Kamalananda Bhattacharyya...

 


🌺আমাৰ ককা -👏বাউলীকবি কমলানন্দ ভট্টাচাৰ্য্যদেৱৰ আজি ৭০ সংখ্যক পূণ্য তিথি । পুহমাহৰ কৃষ্ণা একাদশীত..,. ইংৰাজী ১৯৫১ চনৰ ৪ জানুৱাৰী তাৰিখে ৫৬ বছৰ বয়সত তেখেত স্বৰ্গবাসী হয় ।  

সৰুৰে পৰা ককাৰ  শ্ৰাদ্ধ দেউতাই  কৰি অহা দেখি ককাক দেখা  যেন লাগিছিল । এই দিন কেতিয়াও পাহৰিব নোৱাৰোঁ । নগাঁৱৰ ঘৰত সাংগীতিক পৰিবেশৰ মাজতে ককাক যেন পাইছিলোঁ । 

আজি ককাৰ গানেৰেই  ককাক স্মৰণ কৰি পূজা দিলো। ।ককা আহি গান শুনিবলৈ ৰৈ থকা  যেন লাগিল।

        ১৯৪২ চনৰ স্বাধীনতা আন্দোলনত  যোগদিয়াৰ পিছত ৯ মাহ কাৰাবৰণ কৰি  তেখেতৰ স্বাস্থ্যৰ অবনতি ঘটিছিল ।  দেশৰ কাৰণে প্ৰাণ  আহুতি দিয়া এইজন ককা ...আমাৰ সকলোৰে  ককা ..বাউলীকবি  কমলানন্দ  ভট্টাচাৰ্য্য দেৱৰ  মৃত্যু হৈছিল মাতৃৰ সমুখত  । সেইগৰাকী  মাতৃৰ  মানসিক শক্তি ৰ কথা আইতা আৰু  দেউতাৰ পৰা বহুত শুনিছিলো । তেখেত আমাৰ আদৰ্শ ।  নিজৰ পুত্ৰ জেলত থাকোতে , আৰু  পুত্ৰৰ   মৃত্যুৰ পিছত ধৈৰ্য্য সহকাৰে  ঘৰ চলাই নাতিক মানুহ কৰা এগৰাকী সাহসী  মানুহ আছিল 'আই '... দেউতাৰ মৰমৰ আই । দেউতাৰ আদৰ্শ আমিও পালো । 

       ১৯২১ চনত  মহাত্মাগান্ধীৰ  আহ্বানত গোটেই ভাৰতবৰ্ষ জুৰি  যি  অসহযোগ আন্দোলন  আৰম্ভ  হৈছিল --সেই আন্দোলনত  যোগ দিবৰ বাবে  তেখেতৰ লগতে  আৰু দুজন  কৃতী  শিক্ষকে  নগাঁও উচ্চ ইংৰাজী  বিদ্যালয়ৰ  চাকৰি  ইস্তফা  দি আন্দোলনত জপিয়াই পৰে । বিলাতীবস্তু বৰ্জনৰ বাবে দিয়া  আহ্বানত নিজৰ ঘৰৰ সমুখতে সকলো বিলাতী বস্ত্ৰ, দ্ৰব্য আদি প্ৰজ্বলিত কৰি ৰাজহুৱা ভাৱে  পুৰি ভস্ম কৰিছিল  । অসহযোগ আন্দোলনত  সক্ৰিয়  ভাৱে  যোগ দিয়াত  কাৰাবৰণ কৰিব লগা হৈছিল । সেই কালছোৱাৰ সৰহ খিনি সময়  ''ছিলেট'' জেলত কটায় । ছিলেট জেলত থাকোতে লেখা বিখ্যাত এটি গীত আছিল   ''তই  ভাঙিব  লাগিব শিল অ'অভাগা .....''--জেলৰ কয়দীৰ কষ্ট দেখি মনৰ ভাৱ প্ৰকাশ কৰোতে সেই সময়ৰ জেইলৰৰ  নাম দিও লেখিছিল .এটা অন্তৰা....কিদৰে কয়দীক বুট জোতাৰে গুৰিয়াইছিল জেইলৰে । কিন্তু  গীতটি পিছত ৰেকৰ্ড কৰোতে সেই অন্তৰা  অন্তৰ্ভুক্ত কৰা   নাছিল ।

             ১৯৪২ চনৰ আন্দোলনৰ পিছত জেলত থাকি ককাৰ  স্বাস্থ্যৰ  বহুত ক্ষতি হৈছিল । নগাঁও জেলৰ পৰা তেখেতক ১৯৪৩ চনৰ আগভাগতে  তেজপুৰ জেললৈ নিছিল । সেই সময়ত তেখেতে মনৰ  দুখত নিজৰ লৰাছোৱালীক চাবলৈ হেপাহ কৰিছিল বুলি দেউতাই মোক আবেগিক হৈ কৈছিল । যিদিনা যাব সেইদিনা আবেলি সময়ত এজন ভলন্টীয়াৰে গৈ দেউতাক খেলি থকা অৱস্হাতে ঘৰত খবৰ দিছিল । লগেলগে দেউতাই ভায়েক ভনীয়েকেক লৈ নগাঁও ৰেল ষ্টেচন পাইছিলগৈ ।  

          ১৯৪৩ চনত জেলৰ পৰা ওলাই অহাৰ পৰা ককা  লাহে লাহে অসুস্হ হৈছিল ।আৰ্থিক ভাৱেও জুৰুলা হৈ মানসিক শান্তি ও নাইকিয়া হৈছিল বুলি মই দেউতাৰ পৰা জানিব পাৰিছিলো । ১৯৫০ চনলৈকে ককাৰ অশেষ কষ্ট গল । তাৰ মাজতে ককাই গীত ৰচিছিল । স্বাধীনতাৰ পিছত এটা চাকৰি পাইছিল যদিও সিও আছিল দুদিনীয়া।  তেখেতৰ জমা পইছা থকা বেঙ্ক টোও বন্ধ হৈ যোৱাত পইছাখিনিও হেৰুৱাব লগা হৈছিল ।

Comments

Popular Posts!

Hindustani Classical Music Living Legend Dr. Prabha Atre Speaks!

Zubeen Garg: A Loving Tribute!

Mitali: The Trauma of Losing a Sibling